শব্দবোৰ কেতিয়াবা বহুত কঠোৰ হৈ পৰে,
অনিশ্চাকৃত ভাৱে আঘাত কৰে…
এই অনিশ্চাকৃত শব্দবোৰ মানি লোৱাটো সহজ জানো???
সহজ নে নিৰ্ধাৰণ কৰা কোন আপোন ,
কোন পৰ …
অচিনাকিৰ পৰা চিনাকি লৈ ,
চিনাকিৰ পৰা আপোনজন লৈ..
হঠাৎ মাত্র , ” উম! চিনি পাও ” লৈ যাত্রা..
সহজ জানো?
সহজ নে একেৰাহে নৈৰ দৰে সময়ৰ সোঁতত বৈ থকা…!!
পলকতে ভাঙি যোৱা সপোন বোৰৰ সৈতে নতুন সপোন দেখা,
জানো ইমান সহজ?
হয়তো একোৱেই সহজ নহয়
তথাপিও সহজ হোৱাৰ অভিনয়;
সহজ জানো এই অভিনয় ??
BY – Jutika balari
MSC 1st sem , GEOGRAPHY
AT BODOLAND UNIVERSITY