মা তুমি অনন্যা
্ৰতি খোজ প্ৰতি সময়ৰ
তুমিয়েটো মোৰ জীৱনৰ প্ৰেৰণা
মোৰ সুখ-দুখৰ সংগী
মোৰ জীৱনৰ লগৰী।
ৰাতিপুৱাৰ পৰা ৰাতিলৈকে
তেজক পানী কৰি তুমি
কষ্ট কৰা ,নালাগেনে
তোমাৰ সঁচাকৈ ভাগৰ?
তোমাৰ কষ্ট দেখি মোৰ
চোন লাগে বৰ ভাগৰ!
সময় অনুপাতে তুমি
অভিমানী হোৱা
অভিমানত তুমি মোক
নামাতিবি যা বুলি কোৱা,
আৰু মই তোমাক
মাতি মাতি ভাগৰি যাওঁ
তথাপি তুমি মোক মাত নিদিয়া,
অভিমান কৰিলেহে মাত দিয়া।
মা তুমি অনন্যা
যাক কোনো টকাৰে
কোনো অলংকাৰৰে
তুলনা কৰিব নোৱাৰি
মা তুমি অনন্যা।
By – শিল্পী ৰেখা দাস
অৰ্থনীতি বিভাগ
চতুৰ্থ ষাম্নাসিক।