জ্ঞানৰ মন্দিৰ “বড়োলেণ্ড বিশ্ববিদ্যালয়”
জ্ঞানৰ মন্দিৰ
যাৰ নাম “বড়োলণ্ড”।।
গুৰু শিষ্যৰ মনিকাঞ্চনত
জ্ঞানৰ অমৃত বৰষে তোমাৰ চোতালত।।
নাই কোনো উচ্চ নীচ,
নাই কোনো ভেদা ভেদ
নাই কোনো জাতি-ধৰ্ম
নাই কোনো পৰিহাৰ।।
আন্ধাৰ বিনাষ কৰি
সমাজত বিলাই দিয়ে
জ্ঞানৰ পোহৰৰ শলিতা।।
তোমাৰ বুকুত কিমানে যে গঢ়ে
প্ৰতিদিনে জ্ঞানৰ উজ্জল তৰা।।
তুমিটো জ্ঞানৰ মহামিলনৰ তীৰ্থস্থান
জ্ঞানৰ এখনি পবিত্ৰ ধাম।।
নামে যাৰ পৰিচয় “বড়োলেণ্ড” তোমাক কোটি কোটি প্ৰণাম।।
দিপক কুমাৰ ফুয়েল
ৰাজনীতি বিজ্ঞান বিভাগ,
তৃতীয় ষান্মাসিক,
বড়োলেণ্ড বিশ্ববিদ্যালয়