নীৰৱতা

সময়ৰ বোকোচাত উঠি
নীৰৱতাক বুকুত সাৱটি
ৰৈ আছো মই
তোমাৰ বাবে

তুমি মোক নুসুধিবা
নীৰৱতাক মই কিয় ভাল পাওঁ
আৰু নুসুধিবা
নীৰৱতাৰ সতে কিয়
সহবাস কৰো

নীৰৱতাৰ সতে থাকো বাবে
মই তোমাৰ কথা ভাবিব পাৰো
উৰি ফুৰিব পাৰো তোমাৰ সতে
সপোনত  !

নীৰৱতা মোৰ প্ৰেমিক
সেয়ে ফৰিং ফুটা জোনাক নিশা
দেখো মই তোমাৰ চবি
জোনাকত!

বাৰিষাৰ ৰিম্-জিম্ বৰষুণত
নাঙলৰ সিৰলুৰ কেচা মাটিৰ গন্ধত
বিচাৰি পাওঁ তোমাৰ মৰম

শৰতত সৰা নিয়ৰত তিতি
শেৱালিৰ সুবাসত
 সাৰে থাকিব পাৰো
ওৰে নিশা তোমাৰ বাবে
দুৱৰি বনৰ ওপৰত
নিয়ৰৰ মালা গুঠি গুঠি

তুমি মোক নকবা
নীৰৱতাৰ পৰা আতৰি আহিবলৈ

কাৰণ, এদিনতো মই যাবই লাগিব
সকলো এৰি নীৰৱতাৰ সতে অকলে নীৰৱে নিঃশব্দে

BY-Sumitra Basumatary

Share it now

Similar Posts

  • | |

    “समय त एउटै रहेछ”

    “समय त एउटै रहेछ” हेर् न आज त्यों घरमा किन यति जगमग्ग उज्यालो भएछ?हेर् न फेरि आज त्यों घरमा किन साँझ् को दीप ज्योति पनि जलेनछ? हेर् न तल्लो घरमा त आज विवाह को रमझम लाग्दै रहेछ। त्यहाँ श्रीमान ले श्रीमती लाई सिउँदो मा सिन्दुर हाली मुहार हेरी राख्नु जस्तो रङ्गीन परिवेश भयेछ। हेर् न…

    Share it now
  • | |

    UPSC, Book List of IAS Srushti Deshmukh

    UPSC, Book List of IAS Srushti Deshmukh collected by Nijira Mushahary GS PAPER 1 –For Indian History For Ancient History – Tamil Nadu Board & Mediaval NCERT,s For Modern History – A Brief History of Modern India By Spectrum Publication For Indian Geography – Certificate Physical & Human Geography by Gohchemgleong ( New Edition) +…

    Share it now
  • | |

    फोरोंनायाव दिसथाब

    फोरोंनायाव दिसथाब गु खथायाव बड’ मेजरनि बि ए 3थि सेमिस्टारखौ आबौ खानाइ गुफुर सारआ फोरोंगासिनो दंमोन। बे समावनो सासे देब’जित मुंनि फरायसानि मबाइलआव हरखाबै “लाजिनायखौ जालदाब जुलदाब गारमारनोसै आं” मेथाइनि पन रिंटन पैयो, दिनि बियो साइलेनटआव दोननो बावदों। बारदावखांजुबबाय फरायसाफोरा लोगोसे आबौ खानाइ गुफुर सार आबो। मालाय आबौ सारनि फोरोंनायखौ फरासाफोरा गोसो होना खोनासंगासिनो दंमोन।…

    Share it now
  • | |

    মা তুমি অনন্যা

    মা তুমি অনন্যা ্ৰতি খোজ প্ৰতি সময়ৰতুমিয়েটো মোৰ জীৱনৰ প্ৰেৰণামোৰ সুখ-দুখৰ সংগীমোৰ জীৱনৰ লগৰী।ৰাতিপুৱাৰ পৰা ৰাতিলৈকেতেজক পানী কৰি তুমিকষ্ট কৰা ,নালাগেনেতোমাৰ সঁচাকৈ ভাগৰ?তোমাৰ কষ্ট দেখি মোৰচোন লাগে বৰ ভাগৰ!সময় অনুপাতে তুমিঅভিমানী হোৱাঅভিমানত তুমি মোকনামাতিবি যা বুলি কোৱা,আৰু মই তোমাকমাতি মাতি ভাগৰি যাওঁতথাপি তুমি মোক মাত নিদিয়া,অভিমান কৰিলেহে মাত দিয়া।মা তুমি অনন্যাযাক কোনো টকাৰেকোনো অলংকাৰৰেতুলনা কৰিব…

    Share it now

Leave a Reply

Your email address will not be published. Required fields are marked *