নীৰৱতা

সময়ৰ বোকোচাত উঠি
নীৰৱতাক বুকুত সাৱটি
ৰৈ আছো মই
তোমাৰ বাবে

তুমি মোক নুসুধিবা
নীৰৱতাক মই কিয় ভাল পাওঁ
আৰু নুসুধিবা
নীৰৱতাৰ সতে কিয়
সহবাস কৰো

নীৰৱতাৰ সতে থাকো বাবে
মই তোমাৰ কথা ভাবিব পাৰো
উৰি ফুৰিব পাৰো তোমাৰ সতে
সপোনত  !

নীৰৱতা মোৰ প্ৰেমিক
সেয়ে ফৰিং ফুটা জোনাক নিশা
দেখো মই তোমাৰ চবি
জোনাকত!

বাৰিষাৰ ৰিম্-জিম্ বৰষুণত
নাঙলৰ সিৰলুৰ কেচা মাটিৰ গন্ধত
বিচাৰি পাওঁ তোমাৰ মৰম

শৰতত সৰা নিয়ৰত তিতি
শেৱালিৰ সুবাসত
 সাৰে থাকিব পাৰো
ওৰে নিশা তোমাৰ বাবে
দুৱৰি বনৰ ওপৰত
নিয়ৰৰ মালা গুঠি গুঠি

তুমি মোক নকবা
নীৰৱতাৰ পৰা আতৰি আহিবলৈ

কাৰণ, এদিনতো মই যাবই লাগিব
সকলো এৰি নীৰৱতাৰ সতে অকলে নীৰৱে নিঃশব্দে

BY-Sumitra Basumatary

Share it now

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *